আজি গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস

 08/05/2019 - 14:34

ডিজিটেল ডেস্কঃ আজি অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস। সমগ্ৰ জীৱন দেশ জাতিৰ বাবে অহোপুৰুষাৰ্থ কৰা দেশৰ বিশিষ্ট সমাজ সেৱকজনৰ মৃত্যু তিথিত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে। ১৯৫০ চনত দেশৰ এইজন মহান ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামীয়ে চিৰকালৰ বাবে চকু মুদে। ১৯৯৯ চনত দেশৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে গোপীনাথ বৰদলৈক ভাৰতৰত্ন সন্মান প্ৰদান কৰে।

যদিও গোপীনাথ বৰদলৈ কায়িকভাবে আমাৰ মাজৰ পৰা আতঁৰি গ’ল, তথাপিও তেওঁ ৰাজ্যখনৰ উন্নয়নৰ বাবে লোৱা প্ৰতিটো পদক্ষেপ, কৰ্মৰাজীক যুগ যুগান্তলৈকে স্মৰণ কৰিব অসমবাসীয়ে। গোপীনাথ বৰদলৈৰ মৃত্যু তিথিত আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁলৈ জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।