পৰ্ণ মেধিৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম স্থান লাভ

 08/05/2019 - 14:38

উত্তৰ গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ ফলাফলত পৰ্ণ মেধিয়ে অসমীয়া বিষয়ত ৮১.৫৯% নম্বৰ লাভ কৰি প্ৰথম বিভাগৰ প্ৰথম স্থান দখল কৰে। ডিমৰীয়া মহাবিদ্যালয়ত অধ্যয়ন কৰি অসমীয়া বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা পৰ্ণ মেধি বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ অন্তৰ্গত গুৱাহাটীৰ আৰ. জি. বৰুৱা পথত (বিষ্ণু পথ) থকা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰী আছিল।

এই কথা সংবাদ মাধ্যমত সদৰি কৰিছে শিশু শিক্ষা সমিতি, অসমৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰাই। পৰ্ণ মেধিৰ পিতৃ ডঃ নৰেন্দ্ৰ নাথ মেধি ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আৰু মাতৃ ডঃ অৱলা মেধি বিকালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা। বিদ্যা ভাৰতী পৰিয়াললৈ গৌৰৱ কঢ়িয়াই অনা মেধাবী ছাত্ৰী পৰ্ণ মেধিলৈ শিশু শিক্ষা সমিতি, অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।