08/05/2019 - 14:43
in
মানকাচৰঃ আগন্তুক স্বাধীনতা দিৱস উপলক্ষে মানকাচৰ আৰক্ষীয়ে বিভিন্ন ঠাইত তালাচী চলাই থকা পৰিলক্ষিত হৈছে। কিন্ত আৰক্ষীয়ে তালাচী চলাই থকাৰ নামত বাইক মটৰৰ পৰা বিভিন্ন অজুহাতত ধন সংগ্ৰহ কৰি আছে। কালি নিশা মানকাচৰ জোৰডাঙাত ট্ৰেফিক পুলিচ আৰু হোমগাৰ্ড একাংশই যধে মধে অবৈধভাবে বাইক মটৰৰ পৰা ধন সংগ্ৰহ কৰি থকা দেখি স্থানীয় সাংবাদিক এজনে ম'বাইলত উক্ত দৃশ্য গ্ৰহণ কৰিছিল।
কিন্তু ধন সংগ্ৰহ কৰা হোমগাৰ্ড এজনে হঠাৎ সাংবাদিকজনৰ পৰা বলপূৰ্বকভাবে ফটো লোৱা ম'বাইলটো কাঢ়ি লৈ ট্ৰেফিকৰ দায়িত্বত বিষয়াজনক চমজাই দিয়ে। ট্ৰেফিকৰ দায়িত্বত থকা বিষয়াজনে সাংবাদিকজনে উঠোৱা ফটোসমূহ ডিলিট কৰি ম'বাইলটো ঘূৰাই দিয়ে। এই ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছ।