বৰপেটাঃ শিশু পখিলা খেদি ফুৰা বয়সতেই এক জটিল ৰোগত আক্ৰান্ত হৈছে এটি কণমানি শিশু। বৰপেটা আণ্ডাভাঙাৰ মাধৱ নগৰ নিবাসী জগন্নাথ দে আৰু মাতৃ বাবলি দেৰ দহ বছৰীয়া সন্তান পৱিত্ৰ দে আক্ৰান্ত হৈছে থেলেচেমীয়া ৰোগত। বৰ্তমান অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে। বিগত ৮ বছৰৰ পৰা এই ৰোগত ভুগি আছে শিশুটি ফলত প্ৰতিমাহত শিশুটিক প্ৰয়োজন হয় ৰক্তৰ। থেলেচেমীয়া ৰোগত মূলতে ৰোগীসকল ৰক্তহীনতাত ভোগে।
দুৰ্ভগীয়া পিতৃ জগন্নাথ দে আৰু মাতৃ বাবলি দে এতিয়া নিজৰ একমাত্ৰ সন্তানক জীয়াই ৰখাৰ তাড়নাত হাত পাতিছে সৰ্বসাধাৰণ ৰাইজৰ ওচৰত। একমাত্ৰ পুত্ৰ সন্তানৰ চিকিৎসাৰ ব্যয়ত সৰ্বস্বান্ত হৈ পৰিছে পিতৃ জগন্নাথ দে। চাহ দোকান দি নিজৰ পৰিয়াল পোহপাল দিয়া জগন্নাথ দে'ৰ পুত্ৰৰ এক জটিল অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হৈছে ডেৰ লক্ষাধিক টকাৰ। কিন্তু এই ডেৰ লক্ষাধিক টকায়ে যেন বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিছে জগন্নাথ দে'ৰ জীৱনত।
সেয়েহে নিজৰ একমাত্ৰ পুত্ৰ সন্তানক জীয়াই ৰখাৰ তাড়নাত পিতৃ জগন্নাথ দেই বিচাৰিছে ৰাইজৰ সহায়। আপোনালোকৰ এটি সহায়ে হয়তো শিশুটিৰ জীৱন বচাই তুলিব পাৰে তথা পিতৃ মাতৃৰ মুখত হাঁহি বিৰিঙাব পাৰে। সহায় কৰিবৰ বাবে আপোনালোকে HDFC বেংকৰ একাউণ্ট নম্বৰ 50100074717013। IFSC- HDFC0002466 যোগে আপোনালোকৰ দান বৰঙণিসমূহ আগবঢ়াব পাৰিব। সন্তানৰ প্ৰতি মৰম থকা প্ৰতিজন হৃদয়বান ব্যক্তিয়ে শিশুটিক জীয়াই ৰাখিবলৈ এই মহৎ প্ৰচেষ্টাত আগভাগ লওক।