লিডুৰ যুৱকৰ মৃত্যুক লৈ ৰহস্য

 08/05/2019 - 15:02

মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ কয়লানগৰী লিডু অঞ্চলৰ টিৰাপ গাঁৱৰ বিশ্বজিৎ বসুমতাৰী নামৰ ২২ বছৰীয়া এগৰাকী যুৱকৰ ৰহস্যজনক নিৰুদিষ্টক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ দুদিনৰ পাছত লগৰ বন্ধুৱে প্ৰকাশ কৰা মতে নদীত জাহ গৈ মৃত্যুমুখত পৰে ২২ বছৰীয়া যুৱকজন। জানিব পৰা মতে ২ আগষ্টৰ দিনা দুই বন্ধুৰ সৈতে বিশ্বজিৎ গৈছিল টিৰাপ নদীৰ কাষলৈ।

অত্যধিক সুৰামত্ত হৈ নদীত গা ধুবলৈ নামি বিশ্বজিৎ ডুব যায় বুলি প্ৰকাশ কৰিছে দুই বন্ধুৱে। ভয়ত দুদিনলৈকে গাপ দি ৰাখিছিল দুই বন্ধুৱে সমগ্ৰ ঘটনাটো। পাছত পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত দুই বন্ধুৱে জেৰাত সমগ্ৰ ঘটনা প্ৰকাশ কৰে। ইতিমধ্যে নদীৰ পাৰত যুৱকজনৰ কাপোৰ চেণ্ডেল উদ্ধাৰ হৈছে। কিন্তু মৃতদেহ উদ্ধাৰ হোৱা নাই। মৃতদেহ উদ্ধাৰৰ বাবে নদীত উদ্ধাৰ অভিযান চলোৱা হৈছে যদিও কোনো শুংসূত্ৰ পোৱা নাই। যাৰ ফলশ্ৰুতিত সমগ্ৰ ঘটনাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।