08/05/2019 - 15:05
in
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত নগা বিদ্ৰোহী সংগঠন বিৰুদ্ধে ভাৰতীয় সেনাই ব্যাপক অভিযান চলোৱাৰ খবৰ পোৱা গৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাং নামগৈ বনাঞ্চলত অসম ৰাইফলছৰ এটা দলে গোপন সূত্ৰৰ তথ্য ভিত্তিত অভিযান চলাই এন এছ চি এন (আৰ)ৰ এটা শিবিৰ উৎখাত কৰাৰ লগতে এগৰাকী স্বয়ম্ভূ মেজৰসহ দুজন সদস্যক নিৰাপত্তাৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰা তথ্য পোৱা গৈছে৷
৩ আগষ্ট পৰা চলা এই অভিযানৰ সময়ত এন এছ চি এন (আৰ) শিবিৰ উৎখাতৰ সময় বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে অসম ৰাইফলছৰ দলটোৱে৷ নিৰাপত্তা বাহিনীয়ে বৰ্তমানেও অভিযান চলাই থকাৰ বাবে উগ্ৰপন্থীকেইজনৰ নাম ঠিকনা লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও এন এছ চি এন (আৰ)ৰ বিৰুদ্ধে এইয়া এক মুখ্যম আঘাত বুলি সেনাৰ এক সূত্ৰত প্ৰকাশ৷