যমজ সন্তানৰ পিতৃও দুজন, এই কথা শুনি প্ৰকৃত পিতৃৰ মূৰত ভাঙি পৰে আকাশী সৰগ

 03/29/2019 - 15:28

ডিজিটেল ডেস্কঃ এখন সংসাৰলৈ নৱজাতকৰ আগমন হোৱাৰ লগে লগে সংসাৰখন সম্পূৰ্ণ হৈ উঠে। পিতৃত্ব-মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হৈ উঠা এহাল দম্পতীৰ সুখ অবৰ্ণনীয়। চীনৰ ছিয়ামেনত এগৰাকী প্ৰসূতীয়ে জন্ম দিলে যমজ সন্তান। পিতৃ-মাতৃৰ লগতে সপৰিয়ালে দুটি সন্তান লাভ কৰাৰ আনন্দত মতলীয়া হৈ উঠিল। কিন্তু এই আনন্দৰ মাজতে হঠাতে নামি আহিল বিষাদ। দুয়োটি নৱজাতক দেখিবলৈ একেবাৰেই বেলেগ। এটা সন্তানৰ মুখমণ্ডল দেখিবলৈ পিতৃ-মাতৃৰ লগত মিল আছিল যদিও, আনটি নৱজাতকৰ কোনো মিল নাছিল দেখিবলৈ।

এই কথাতে সন্দেহ ওপজে প্ৰসূতীগৰাকীৰ স্বামীৰ। স্বামীগৰাকীয়ে চিকিৎসকক অনুৰোধ জনায় সন্তান দুটিৰ ডি এন এ পৰীক্ষা কৰিবলৈ। ইয়াৰ পাছতেই পোহৰলৈ আহে এক আচৰিত তথ্য। ডি এন এ পৰীক্ষাৰ উত্তৰ শুনি আকাশী সৰগ ভাঙি পৰে প্ৰসূতীৰ স্বামীৰ মূৰত। চিকিৎসকে জনায় যে, নৱজাতক দুটিৰ পিতৃও দুজন। দুয়োটি সন্তানৰ এটি সন্তানহে দম্পতীহালৰ।

প্ৰথমতে যমজ সন্তানৰ মাতৃগৰাকীয়ে এই কথা মানি লোৱা নাছিল যদিও পিছত ইয়াৰ প্ৰকৃত সত্য সমুখলৈ নহাকৈ নাথাকিল। অৱশেষত পত্নীগৰাকীয়ে স্বীকাৰ কৰে যে তেওঁ অন্য পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত চিকিৎসক জেংগে কয় যে, মহিলাগৰাকীয়ে সন্তানসম্ভৱা হোৱাৰ পাছতেই অন্য পুৰুষৰ সৈতেও শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বাবে তেওঁলোকৰ সন্তান দুটি দেখিবলৈ সম্পূৰ্ণ বেলেগ হয়। আনহাতে, স্বামীয়ে স্পষ্টকৈ কয় যে- ‘মই এতিয়া নিজৰ সন্তানটি বিচাৰো। সেই সন্তানটিৰ দায়িত্ব হে মই ল’ম। বেলেগ পুৰুষৰ সন্তানক কেতিয়াও মই নিজৰ বুলি স্বীকৃতি নিদিও।’’

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।