কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত বালাজানত থকা চিআইটিত যোৱা নিশা প্ৰায় এক বজাত এগৰাকী ছাত্ৰৰ ৰহস্যজনক মৃত্যুয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নিশা ৰহস্যজনকভাৱে মৃত্যু হোৱা ছাত্ৰগৰাকী বিকাশ দাস (২১) বুলি চিনাক্ত কৰা হৈছে৷ মৃত্যু হোৱা ছাত্ৰগৰাকী ছেভেন ছেমিষ্টাৰৰ (বি.টেক) ছাত্ৰ আছিল আৰু ছাত্ৰগৰাকীৰ ঘৰ বৰপেটা জিলাৰ দুহাটিৰ (ওৱাৰ্ড নং ১০) বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷
আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰগৰাকীৰ মৃতদেহ কোকৰাঝাৰ সদৰ থানাত লৈ আহিছে আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্নৰ বাবে ব্যৱস্থা হাতত লৈছে৷ প্ৰাপ্ত বাতৰি মতে কালি চিআইটিত অধ্যয়নৰত নয়নজ্যোতি বসুমতাৰী নামৰ ছাত্ৰ এজনৰ জন্মদিন উপলক্ষে নিশা এক পাৰ্টিৰ আয়োজন চলিছিল৷
কিন্তু নিশা পাৰ্টি চলি থকা অৱস্থাত হঠাৎ বিকাশ দাস ঢলি পৰে আৰু লগে লগে তেওঁক কোকৰাঝাৰৰ এখন ব্যক্তিগত হাস্পতালত (এমআৰএম) লৈ আহে যদিও চিকিৎসকে ছাত্ৰগৰাকীক মৃত বুলি ঘোষণা কৰে৷ এই ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰাই নহয় ছাত্ৰজনৰ এনে ৰহস্যজনক মৃত্যত সকলোৱে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে৷ আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে৷