আৰোহণৰ উদ্যোগত অনুষ্ঠিত সমৰকলা প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

 08/05/2019 - 15:32

গহপুৰঃ গ্ৰীষ্মকালিন বন্ধ উপলক্ষে গহপুৰৰ 'আৰোহণ'ৰ উদ্যোগত যোৱা ১ জুলাইৰ পৰা ৩১ জুলাইলৈ আয়োজন কৰা সমৰকলা প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয়। শ্বহীদ মুকুন্দ কাকতি হাইস্কুল প্ৰাংগনত অনুষ্ঠিত কৰ্মশালাত ৫০ ৰ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উক্ত কৰ্মশালাৰ সামৰণি অনুষ্ঠান উপলক্ষে সমৰকলাৰ বিভিন্ন কাৰ্যকলাপৰ লগতে দুঃসাহসিক কাৰ্যকলাপো প্ৰদৰ্শন কৰে প্ৰশিক্ষাৰ্থীসকলে।

আৰোহণৰ সভাপতি ব্ৰজেন বৰা, সম্পাদক অৰুণাভ হাজৰিকা তত্বাবধানত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পিংকু বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰা কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক আৰোহণৰ তৰফৰ পৰা একোখনকৈ প্ৰত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে উক্ত কৰ্মশালাৰ জৰিয়তে যুৱতীসকলৰ আত্মৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰোহণে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।