ডুমডুমাত নৃশংস হত্যাকাণ্ডঃ পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ

 08/05/2019 - 15:39

কাকপথাৰঃ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰুপাইৰ তপোবনত পিতৃৰ হাতত ১৩ বছৰীয়া পুত্ৰ নিধন হোৱাৰ ঘটনাই অঞ্চলতোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা প্ৰায় ৯.০০ মান বজাত তপোবনৰ বাসিন্দা বিজয় মুড়াই নিজৰ পুত্ৰ তৰুন মূড়া (১৩ বছৰ)ক গছকি গছকি হত্যা কৰাৰ চেষ্টা চলাওতে ওচৰ চুবুৰীয়া লোকে বাধা দিবলৈ আহোতে পিতৃ বিজয় মূড়াই হাতত দা লৈ ওচৰ চুবুৰীয়া লোককো মাৰিবলৈ চোঁচা লৈ পুনৰ নিজৰ পুত্ৰক গছকি গছকি হত্যা কৰে৷

পাছত স্থানীয় লোকে হত্যাকাৰীক কৌশলেৰে ধৰি বান্ধি আৰক্ষী খবৰ দি চমজাই দিয়ে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহতো আৰক্ষী থানালৈ নিয়ে। পিতৃ বিজয় মূড়াক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।