দুলীয়াজানৰ নগাজানত ডিগবৈ নৈত সন্ধানহীন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

 08/05/2019 - 15:53

দুলীয়াজানঃ সোমবাৰে ডিগবৈ নৈত অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী ঠিকা শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰি মতে শনিবাৰে বিয়লি ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত নগাজান অঞ্চলত নাৰায়ণ বৰশইকীয়াৰ পুত্ৰ পোনা বৰশইকীয়া নামৰ লোকজনে স্থানীয় তিনিজন লোকৰ সৈতে ঘৰৰ সমীপৰ ডিগবৈ নৈত গা ধুবলৈ গৈছিল। নৈত গা ধুই থকাৰ সময়তে হঠাৎ পোনা বৰশইকীয়া নৈৰ বুকুত সন্ধানহীন হয়।

পিছত স্থানীয় ৰাইজে লোকজনক উদ্ধাৰ কৰিবলৈ ডিগবৈ নৈত অভিযান চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম ন'হল। ইফালে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ডিগবৈ আৰক্ষীক অৱগত কৰে। উক্ত খবৰৰ ভিত্তিত সোমবাৰে আৰক্ষীৰ দলে এচ ডি আৰ এফ বাহিনীৰ সহযোগত অভিযান লোকজনৰ মৃতদেহটো নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।