হিয়াৰিঙত যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হৈ আহত হোৱা লোকক ক্ষতিপূৰণ দিয়াৰ দাবী এবিএমছুৰ

 08/05/2019 - 16:18

কোকৰাঝাৰঃ অসমৰ ভিন্ন প্ৰান্তৰ পৰা দেওবাৰে নিশা এন আৰ চিৰ হিয়াৰিঙত যোৱাৰ পথত এক বাছ দুৰ্ঘটনাত আহত হোৱা পৰিয়ালক এককালীন পাঁচ লাখকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে৷ আজি কোকৰাঝাৰত সাংবাদিকৰ আগত এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাইদুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চুপ্ৰিম কোৰ্টৰ দিৰ্দেশ অনুযায়ী কোনো লোকক হিয়াৰিঙৰ বাবে কমেও পোন্ধৰ দিন আগতে জাননী জাৰি কৰিব লাগে৷

কিন্তু তাকে নকৰি এনআৰচি কৰ্তৃপক্ষই সময় নিদিয়াকৈ জধেমধে হিয়াৰিঙত মাতি ৰাইজক হাৰাশাস্তি চলাই আহিছে৷ এনআৰচি কৰ্তৃপক্ষই ৰাইজৰ ওপৰত চলোৱা হাৰাশাস্তি অতিশীঘ্ৰে বন্ধ নকৰিলে এবিএমছুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি ভাবুকি দিছে এবিএমছুৰ নেতাগৰাকীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।