বৰক্ষেত্ৰীৰ ঘোৰাথালত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

 08/05/2019 - 16:42

মুকালমুৱাঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ঘোৰাথাল গাঁৱত আজি 'ডেউকা' নামৰ এটি বেচৰকাৰী সংস্থাই এক বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰে। ঘোৰাথাল প্ৰাথমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰে এই স্বাস্থ্য শিবিৰ। বানপানীৰ কৱলত পৰি বিভিন্ন ৰোগত আক্ৰান্ত হোৱা লোকসকলক চিকিৎসা কৰাৰ উদ্দেশ্যে এই স্বাস্থ্য শিবিৰ আয়োজন কৰিছে 'ডেউকা' নামৰ বেচৰকাৰী সংস্থাটোৱে। ঘোৰাথাল গাঁৱৰ প্ৰায় ৪০০ লোকক চিকিৎসা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ যোগান ধৰা বুলি জনায় উদ্যোক্তাই।

বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই সহযোগ কৰা এই স্বাস্থ্য শিবিৰটোত ৪ গৰাকী চিকিৎসকে বিশেষকৈ চৰ্ম, চকু আদিৰ উপৰি বিভিন্ন চিকিৎসা সেৱা আগবঢ়ায়। অঞ্চলটোৰ ৰোগীসকলক বিনামূলীয়া ঔষধৰ লগতে এডোখৰকৈ ডেটল চাৱোন দিয়ে। তদুপৰি মহিলাক মাহেকীয়াৰ সময়ত হোৱা বিভিন্ন সমস্যাৰ সু পৰামৰ্শ দিয়ে আৰু প্ৰয়োজনীয় কিছু বস্তু যোগান ধৰে। বানাক্ৰান্ত অঞ্চলৰ লোক সকলক এনেদৰে উদ্যোক্তাসকলে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাত প্ৰশংসা কৰে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।