নলবাৰীত আৰক্ষীৰ কটকটীয়া তালাচী অভিযান

 08/05/2019 - 16:49

নলবাৰীঃ স্বাধীনতা দিৱসৰ পূৰ্বে নামনি অসমৰ নলবাৰী আৰু বৰপেটাৰ জিলাত ইজনৰ পিছত সিজনকৈ জেহাদী গ্ৰেপ্তাৰ হোৱাত অসম আৰক্ষীৰ টোপনি হৰণ কৰিছে। দেওবাৰে সন্ধিয়া নলবাৰী চহৰত নলবাৰী সদৰ থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত চহৰখনৰ মাজেৰে পাৰ হোৱা প্ৰতিখন গাড়ীতে তালাচী অভিযান চলায়।

দুচকীয়াৰ পৰা চাৰিচকীয়া বাহনলৈ প্ৰতিখন বাহনতে তন্ন তন্নকৈ তালাচী চলোৱা হৈছে। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জেহাদীয়ে নামনি অসমত খোপনি পাতি অসম আৰক্ষীক এক প্ৰকাৰ চিন্তিত কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।