08/05/2019 - 16:54
in
বিজনীঃ চিৰাং জিলাৰ বিজনীৰ লেচিয়াগাঁও নিবাসী প্ৰয়াত শ্ৰীদাম দাসৰ ৫৯ বছৰীয়া পত্নী অষ্টমী দাস ডেৰ বছৰ ধৰি কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পত বন্দী হৈ আছে। ভোটাৰ পৰিচয় পত্ৰকে ধৰি একাধিক বৈধ ভাৰতীয় নথি-পত্ৰ থকাৰ পিছতো অষ্টমী দাসক বিদেশী ন্যায়াধীকৰণ আদালতে ডি ভোটাৰ সজাই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বালাভূত নিৱাসী যুগল কিশোৰ দাসৰ কন্যা অষ্টমী ৪০ বছৰ পূৰ্বে বিজনীৰ লেচিয়াগাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী শ্ৰীদাম দাসৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ বিজনীৰ বাসিন্দা হৈ পৰে। কিন্তু বিগত ২০১৬ বৰ্ষত বিদেশী ন্যায়াধীকৰণ আদালতে মহিলাগৰাকীৰ নামত সন্দেহযুক্ত বিদেশী নাগৰিকৰ জাননী প্ৰেৰণ কৰে। আৰু ডেৰ বছৰ পূৰ্বে বৈধ ভাৰতীয় নথি-পত্ৰ থকাৰ পিছতো বিদেশী ন্যায়াধীকৰণ আদালতে অষ্টমীক ডিটেনশ্যন কেম্পলৈ পঠিয়ায়।