দীপক গগৈ, টিংখাংঃ প্ৰাণচঞ্চলা প্ৰকৃতিয়ে ন–সাজেৰে দিলেহি ব’হাগৰ বতৰা। ঢোল–পেঁপাৰ শব্দত ৰজনজনাইছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। সেমেকা শীতৰ স্পৰ্শ পাই লঠঙা হোৱা বিৰিখত বসন্তৰ নকৈ গজা কোঁহবোৰত সেউজীয়া বৰণ ছটিয়াই বাসন্তীবুলীয়া সাজেৰে সুশোভিতা প্ৰকৃতি। নাহৰ,তগৰ,খৰিকাজাঁইৰ সুবাসত চৌদিশ আমোলমোল। এইয়া যে অসমীয়াৰ অতি হেঁপাহৰ বহাগৰ আগজাননী।
অসমীয়াৰ বাপতিসাহোন চেনেহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী৷ সমগ্র ৰাজ্যতে এতিয়া বহাগক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। টিংখাঙত ঢোল,পেঁপাৰ লহৰত জাক-জাক নাচনীয়ে ভাঙিছে খামুচীয়া কঁকাল। এতিয়া লঠঙা বিৰিখে ন-সাজ পিন্ধিছে। কপৌ,তগৰ আদি ফুলে ধৰাৰ বুকুত সজাই তুলিছে নানাৰঙী আস্বাদন। কুলি-কেতেকীয়ে আনিছে নতুনৰ বতৰা।
ব’হাগৰ জাননী পাই এতিয়া তৰণি নাই অসমীয়াৰ গাত। কি গাঁও কি চহৰ চাৰিওফালে মুখৰিত হৈছে ঢোল-পেঁপাৰ মাত। ৰৈ থাকিব পৰা নাই ৰূপহী নাচনী সকলো। অসমীয়াৰ আয়ুসৰেখা ৰঙালীক আদৰিবৰ বাবে টিংখাঙত চলিছে ব্যাপক প্ৰস্তুতি। ব’হাগত আপোনজনক এখন বিহুৱান দিবলৈ তাঁতশালত ব্যস্ত হৈ পৰিছে গাঁৱৰ গাভৰু-বোৱাৰীসকল।
চুবুৰীৰ মহিলাসকল লগ হৈ বিগত প্ৰায় এপষেক ধৰি তাঁতশালত টিংখাঙৰ ন-শ্ৰীপুৰীয়া খুড়ী পেহীহঁতে সপোনৰ ৰং সানিছে। জাপে-জাপে কাটি উলিয়াইছে হেঁপাহৰ বিহুৱান, ব’হাগৰ বিহুত আপোনজনক এখনি বিহুৱান উপহাৰ দিবলৈ। গাঁৱৰ ডেকাসকলে কান্ধত ঢোলটি, মুখত পেঁপাটি লৈ চুবুৰিয়ে চুবুৰিয়ে অব্যাহত ৰাখিছে বিহুৰ আখৰা। ইয়াৰ সমান্তৰালকৈ ঢোল, পেঁপাৰ নিৰ্মাণকাৰী বাদ্যশিল্পী সকলো ব্যস্ত দিনে ৰাতিয়ে। গাঁৱৰ পৰা চহৰ-নগৰলৈকে কেৱল ৰঙালীক আদৰাৰ ব্যস্ততা।