বিধ্বস্ত মৰাণ-মাহমৰা-সোনাৰি সংযোগী গড়কাপ্টানি পথঃ অতীষ্ঠ ৰাইজ

 08/05/2019 - 17:20

মৰাণঃ ৰাজ্যখনৰ সৰ্বদিশত পৰিৱৰ্তনৰ সপোন দেখুৱাই ক্ষমতা কুক্ষিগত কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ গুৰুত্বপূৰ্ণ গড়কাপ্টানি বিভাগটো অকৰ্মন্যতাৰ বাবেই ৰাজ্যখনৰ বহু পথ যাতায়াতৰ অনুপযোগী হৈ পৰিছে৷ গড়কাপ্টানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই বিভাগটোৰ অধীনষ্ঠ ৰাজ্যখনৰ প্ৰায় সংখ্যক গড়কাপ্টানি পথৰ দুৰৱস্থাই এতিয়া সাধাৰণ জনসাধাৰণৰ দুৰ্ভোগ ভোগাই আহিছে। তাৰে জলন্ত উদাহৰণ ঐতিহাসিক চৰাইদেউ জিলাৰ মৰাণ-মাহমৰা-সোণাৰি পথটো সম্প্ৰতি বিধ্বস্ত হৈ পৰিছে৷

জিলাখনৰ লগতে প্ৰতিৱেশী ৰাজ্য নাগালেণ্ড আৰু অৰুণাচলৰ জনসাধাৰণৰ যাতায়তৰ একমাত্ৰ গগড়কাপ্টানি পথ হিচাপে চিহ্নিত মৰাণ-দিৰৈ ৰাঙলী-গড়চাৰি আলি সংযোগী আৰু মৰাণ-কচুমাৰি-মাহমৰা-সোণাৰি পথছোৱাৰ অতি বিপদসংকুল অৱস্থাই দীৰ্ঘদিন ধৰি জনসাধাৰণক জীয়াতু ভোগাই আহিছে। একাধিক দল সংগঠনৰ প্ৰবল প্ৰতিবাদৰ পিছতো ৰজাঘৰীয়াৰ চকু নপৰা এই পথছোৱা মেৰামতিৰ নামত বিভাগীয় কৰ্তৃপক্ষই চৰম অৱজ্ঞা কৰি আহিছে।

প্ৰাক্তন গড়কাপ্টানি মন্ত্ৰী তথা বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ গৃহ জিলা চৰাইদেউৰ এই গুৰুত্বপূৰ্ণ পথছোৱা শোচনীয় অৱস্থাৰ বাবে ৰাজ্য চৰকাৰৰ গড়কাপ্টানি বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে অসমৰ অন্যতম জনগোষ্ঠীয় সংগঠন টাই আহোম যুৱ পৰিষদ চমুকৈ 'টাইপা'। এই সম্পৰ্কত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি চাও লোহিত গগৈয়ে সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ উজাৰি কয় যে বৰ্তমান চৰকাৰখনে অসমৰ চৌদিশে পৰিৱৰ্তন হোৱা বুলি যি ডিঙিৰ শিৰ ফুলাই জয়গান গাই ফুৰিছে বাস্তৱত সেয়া বিপৰীত ছবিখন চৰাইদেউ জিলাত প্ৰতিফলিত হৈছে।

জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী গড়কাপ্টানি পথসমূহ বৰ্তমান ৰাইজৰ যাতায়তৰ বাবে উপযোগী হৈ থকা নাই। একালৰ ছাত্ৰ নেতা প্ৰাক্তন গড়কাপ্টানি মন্ত্ৰী তথা বৰ্তমান সাংসদ তপন কুমাৰ গগৈৰ গৃহ জিলাৰ গড়কাপ্টানি পথসমূহ যাতায়াত সুচল কৰিবলৈ দল সংগঠনে প্ৰতিবাদ কৰি অহা কাৰ্যটো লজ্জ্বাজনক বিষয়। অন্যহাতে 'টাইপা'ৰ নেতাগৰাকীয়ে মাহমৰা বিধান সভা সমষ্টিৰ বিধায়ক যোগেন মহনক উদ্দেশ্যি কয় যে আশ্বাস আৰু প্ৰতিশ্ৰুতিৰে পাহাৰ গঢ়া বিধায়কগৰাকীয়ে গুৰুত্বপূৰ্ণ এই পথছোৱা নিৰ্মাণ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চৰম বহুৱালি কৰি আহিছে।

নিজৰ কমিছন লাভ নকৰাৰ বাবেই বিধায়কগৰাকীয়ে এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীৰ লগত কোনোদিনেই আলোচনা কৰা পৰিলক্ষিত নহ'ল বুলি অভিযোগ তুলিছে। নিজৰ ভাতঘৰৰ মানুহে ঠিকা-ঠুকুলি নোপোৱাৰ ভয়ত সমষ্টিবাসীৰ লগতে জিলাখনৰ জনসাধাৰণক জীয়াতু ভোগাই অহা এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বিধায়ক যোগেন মহনে চকু মুদা কুলিৰ ভাও ধৰি অহা কাৰ্যক একেমুখে ধিক্কাৰ দিছে সংগঠনটোৱে। উল্লেখ্য যে বিগত বৰ্ষত মাহমৰাৰ কাকতীবাৰীত এই পথছোৱা নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছিল। কিন্তু আধাৰশিলা স্থাপনৰ আঠ মাহ অতিক্ৰম কৰাৰ পিছতো পথছোৱা যাতায়াতৰ উপযোগী হৈ নুঠিল।

অন্যহাতে বিগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰখনৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই পথছোৱা দুইলেনযুক্ত পথ হিচাপে নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও সেয়া ফুটুকাৰ ফেনলৈ পৰ্যবসিত হ’ল। ইপিনে পথছোৱাইদি চৰাইদেউ জিলা জনসাধাৰণৰ লগতে দুই প্ৰতিৱেশী ৰাজ্যৰ জনসাধাৰণে চিকিৎসা সেৱাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ অহা-যোৱা কৰা লগতে ব্যৱসায় বাণিজ্য, বিদ্যালয় মহাবিদ্যালয়লৈ আহ যাহ কৰা মূল পথটো এনে বিধ্বস্ত অৱস্থাই ৰাজ্য চৰকাৰৰ ব্যৰ্থতা উদঙাই তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।