একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত অসমৰ কেইবাটাও সোণৰ পদক অৰ্জন

 08/05/2019 - 17:26

মিৰ্জাঃ একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত অসমৰ কেইবাটাও সোণৰ পদক অৰ্জন। হায়দৰাবাদৰ তেলেংগানাৰ গাচিবাউলী ষ্টেডিয়ামত একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত এই সাফল্য অৰ্জন কৰে। ২৪ খন ৰাজ্যৰ ৮৬৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন যোৱা ২ আগষ্টৰ পৰা ৪ আগষ্টলৈ অনুষ্ঠিত হৈছিল। ৫০-৫৫ কেজিত অনিমা নাৰ্জাৰীয়ে সোণৰ পদক, ৫০-৫৫ কেজিত মৃনাল কান্তি বড়োৱে সোণৰ পদক, ৬০-৬৫ কেজিত উৎপল চাংমাই ব্ৰঞ্জ, ৫০-৫৫ কেজিত ৰাজা বৰুৱা ব্ৰ্ঞ্জ, ৫০-৫৫ কৰিনা পাটোৱাৰী ব্ৰঞ্জ, ৪৫-৫০ কেজিত নিজৰা বড়োৱে ব্ৰঞ্জ, ৫৫-৬০ কেজিত পিতাম্বৰ নৰহে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

আনফালে চিনিয়ৰ শাখাত ৫৫-৬০ কেজিত মিলন বড়োৱে সোণৰ পদক, ৩৫-৪০ কেজিত মঞ্জু ৰাভাই সোণৰ পদক, ৫০-৫৫ কেজিত দিপা ৰংপিয়ে সোণৰ পদক, জুনিয়ৰ শাখাত ৪৫-৫০ কেজিত লক্ষ্য ৰাভাই সোণৰ পদক, ৫০-৫৫ কেজিত বন্দনা বড়োৱে সোণৰ পদক, ৩০-৩৫ কেজিত ৰূপালী বড়োৱে সোণৰ পদক, চাৱজুনিয়ৰ ৩৫-৪০ কেজিত লখিমা বড়োৱে সোণৰ পদক, জুনিয়ৰ ৫০-৫৫ কেজিত অমৰদ্বিপ বৰুৱাই ৰূপৰ আৰু ৪৫-৫০ কেজিত বন্দনা দাস্ৰ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় লগতে অসমৰ দলটোৱে "বেষ্ট ডিচিপ্লিন বটা" লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে অসমৰ পৰা যোৱা প্ৰায় সংখ্যক খেলুৱৈ ৰাণী কোচিং চেণ্টাৰত প্ৰশিক্ষণৰত। সম্প্ৰতি ৰাণীত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।