মৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ শিশুৰ মৃত্যু

 08/05/2019 - 17:37

লাহৰীঘাটঃ যমদূতত পৰিণত হৈছে ৰাজ্যৰ বিদ্যুৎ বিভাগ। বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবেই অকালতে প্ৰাণ হেৰুৱাব লগা হ’ল এটি আঠ বছৰীয়া শিশুৱে। ঘটনাটি সংঘটিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত সৰুচলা গাঁৱত। জানিব পৰা মতে ফুৰকান আলীৰ পুত্ৰ হাছেন আলী (৮) পুৱা ঘৰৰ পৰা ওলাই যাওঁতে ৰাস্তাত পৰি থকা বিদ্যুতৰ তাঁৰত নেদেখাকৈ ভৰি দিয়াত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়।

বিদ্যুৎ বিভাগৰ দায়িত্বহীন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মৃত হাচেন আলীৰ পৰিয়াল বৰ্গই। ঘটনাস্থলীত মৈৰাবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ টি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।