হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰ্যসূচীঃ ডবকাত অচল শৈক্ষিক পৰিৱেশ

 08/05/2019 - 17:41

ডবকাঃ ৰাজ্যৰ হাইস্কুলসমূহত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলে যোৱা ২ আগষ্টৰ পৰা ৬ আগষ্টলৈ এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷ এইসকল শিক্ষকে বিগত ৬ মাহৰ দৰমহা মোকলাই দিয়া, বিগত কংগ্ৰেছ চৰকাৰৰ শাসনত কেবিনেটত লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰা আৰু গুৱাহাটী হাইকৰ্টে দিয়া ৰায় শীঘ্ৰে ৰূপায়নৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷

এই দাবীসমূহ চৰকাৰে ৰূপায়ন নকৰিলে ভৱিষ্যতে আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ সদৌ অসম ঠিকা ভিত্তিক হাইস্কুল শিক্ষক সন্থাৰ৷ শিক্ষকৰ এই আন্দোলনৰ ফলত প্ৰভাৱ পৰিছে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত৷ শিক্ষকৰ আন্দোলনৰ প্ৰভাৱ হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো পৰিছে৷ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ দৃষ্টি কামনা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।