বটদ্ৰৱাত অগ্নিকাণ্ডঃ জুইত ভষ্মীভূত পাঁচখনকৈ দোকানৰ লগতে ডাকঘৰ

 08/05/2019 - 17:46

বটদ্ৰৱাঃ নগাওঁ জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ধূপগুৰিত দেওবাৰে নিশা এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডটোত ধূপগুৰিৰ ডাক ঘৰৰ লগতে চাহৰ দোকান, দৰ্জীৰ দোকান, পান তামোলৰ দোকানকে ধৰি পাঁচখনকৈ দোকান ভষ্মীভূত হয়। জুইত ডাকঘৰৰ গুৰুত্বপূৰ্ণ নথি-পত্রৰ লগতে মূল্যবান সা-সামগ্ৰী জুইত জাহ যোৱাৰ উপৰি পাঁঁচখন দোকানৰ প্ৰায় ছয় লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত হয়।

নিশা প্ৰায় ডেৰ বজাত বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত সৃষ্টি হোৱা জুইত ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ সা সামগ্ৰী সম্পূৰ্ণৰূপে জাহ যোৱাত ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে একাংশ স্থানীয় লোকে কোনো দুৰ্বৃত্তই নিশা অগ্নি সংযোগ কৰাৰ ফলত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে বুলি মন্তব্য কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।