কাকপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ "শ্মশান যাত্ৰা"

 08/05/2019 - 18:00

কাকপথাৰঃ নৱম আৰু দশম শ্ৰেণীৰ "বৈচিত্ৰময় অসম" নামৰ দ্ৰুতপাঠত চুতীয়া জনগোষ্ঠীৰ ইতিহাস অন্তৰ্ভূক্ত নকৰাৰ প্ৰতিবাদত উত্তাল হৈ পৰে কাকপথাৰ৷ শিক্ষা বিভাগ হায় হায়, ছেবাৰ কৰ্তৃপক্ষ হুছিয়াৰ, বৈচিত্ৰময় অসমত চুতীয়াৰ ইতিহাস অন্তৰ্ভূক্ত কৰক ইত্যাদি বিভিন্ন শ্ল’গানেৰে কাকপথাৰৰ আকাশ বতাহ কঁপাই তোলাৰ লগতে সংগঠনটোৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰীৰ শ্মশান যাত্ৰাৰে প্ৰতিকৃতি দাহ কৰে৷ অনতিপলমে উক্ত দ্ৰুতপাঠত চুতীয়াসকলৰ ইতিহাস অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনায় সংগঠনটোৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে৷

উল্লেখ্য যে আজি এটা সপ্তাহে ধাৰাবাহিকভাৱে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিভিন্ন শাখা, আঞ্চলিক, জিলা তথা কেন্দ্ৰীয় সমিতিয়ে উক্ত দ্ৰুতপাঠত চুতীয়াৰ ইতিহাস অন্তৰ্ভূক্ত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও ৰাজ্য চৰকাৰে বিষয়টো কোনোধৰণৰ গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে৷ কাকপথাৰ হিন্দী বিদ্যালয়ৰ পৰা আৰম্ভ কৰা এই শ্মশান যাত্ৰা কাকপথাৰ থানা চাৰিআলিত প্ৰতিকৃতি দাহ কৰাৰ লগতে এখনি প্ৰতিবাদী সভাৰে সামৰণি পৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।