লাহৰীঘাটত গুৱাহাটীৰ হেল্প ছ’চাইটিৰ বান সাহায্য বিতৰণ

 08/05/2019 - 18:13

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনস্থ বগলিপাৰা মথাউৰিৰ ওপৰত বসবাস কৰা বন্যাৰ্তক পৰিয়ালক গুৱাহাটীৰ শিলপুখুৰীৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠান হেল্প ছ’চাইটিৰ দহজনীয়া সজাতি দলে বান সাহায্য বিতৰণ কৰে। স্বেচ্ছাসেৱী সংগঠনটোৰ পৰা দুই শতাধিক পৰিয়ালক চিৰা, মুৰি, বিস্কুট, চেনি, পানী বটলৰ লগতে ১০০ মহিলাক শাৰী আৰু ৫০ জন শিশুৰ কাপোৰ কানি বিতৰণ কৰে।

সাহায্য বিতৰণত উপস্থিত থাকে হেল্প ছ’চাইটিৰ সভানেত্ৰী সুন্দৰা চৌধুৰী, সম্পাদক পুতুল বৰা৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এনে পদক্ষেপক শলাগ লয় বন্যাকান্ত পৰিয়ালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।