আজি দিছপুৰ প্ৰেছক্লাৱৰ প্ৰতিষ্ঠা দিৱস

 03/29/2019 - 16:39

গুৱাহাটীঃ দিছপুৰ প্ৰেছ ক্লাৱৰ আজি প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে ক্লাৱত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় এখনি সভা। দিছপুৰ প্ৰেছ ক্লাৱৰ আজি চতুৰ্থ বাৰ্ষিক অধিবেশন।

উদ্যোক্তাসকলে বিভিন্ন অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিছিল যদিও আগন্ত্তক লোকসভা নিৰ্বাচনৰ বাবে অনুষ্ঠানভাগ অহা ৩০ এপিলত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সংবাদ কৰ্মীসকলৰ সুবিধা-অসুবিধাৰ ওপৰত বক্তৃতা ৰাখে দিছপুৰ প্ৰেছক্লাৱৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে।

একো একোজন সংবাদ কৰ্মীৰ ত্যাগক প্ৰশংসা কৰাৰ লগতে সংবাদ কৰ্মীসকলক সম্বৰ্ধনা জনায় সভাপতিগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।