ৰঙিয়াত দুই সন্দেহযুক্ত ব্যক্তিক আটক

 08/05/2019 - 18:46

ৰঙিয়াঃ ৰঙিয়াত তলা বন্ধ ঘৰৰ ভিতৰৰ পৰা আটক দুই সন্দেহযুক্ত ব্যক্তিক। বালাগাঁৱৰ আবুল আলী নামৰ ব্যক্তি এজনৰ ঘৰৰ ভিতৰৰ পৰা আটক কৰে ব্যক্তি দুজনক। ঘৰটোৰ গৰাকী আবুল আলী বৰ্তমান নলবাৰী জে’লত আছে। উল্লেখ্য যে প্ৰায় এমাহ আগতে আবুল আলীৰ ঘৰত উদ্ধাৰ হৈছিল টকা বনোৱা যন্ত্ৰসহ আপত্তিজনক নথি পত্ৰ। পুনৰ একেটা ঘৰতে বহিঃৰাজ্যৰ দুজনকৈ লোকক তলা বন্ধ কোঠাৰ পৰা উদ্ধাৰক লৈ ৰঙিয়াত চাঞ্চল্য।

নিজকে উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ চামবালী (৬৫) আৰু মহম্মদ আৰিফ (২৫) বুলি পৰিচয় দিয়া ব্যক্তিকেইজন ড্ৰাগচ আৰু ভাং সৰবৰাহকাৰী বুলি সন্দেহ স্থানীয় ৰাইজৰ। ব্যক্তি দুগৰাকীয়ে ৰে’লেৰে আহি ৰঙিয়াত নমাৰ পিছত ৰঙিয়াৰ ড্ৰাগচ ব্যৱসায়ীয়ে বালাগাঁৱত ৰাখিছিল। গোপন খবৰৰ আধাৰত আৰক্ষীয়ে ঘৰটোত ঘেৰাও কৰি ব্যক্তি দুজনক আটক কৰে।

আৰক্ষীৰ যোৱাৰ খবৰ পাই অপৰাধ জগতৰ লগত জড়িত ব্যবসায়ীয়ে নিচাজাতীয় সামগ্ৰীসমূহ আঁতৰ কৰাৰ সন্দেহ। ৰাজ্যৰ ভিতৰতে ৰঙিয়া ড্ৰাগচ-গাঞ্জা-আফিং ব্যৱসায়ৰ মূল কেন্দ্ৰ হিচাপে চিহ্নিত হোৱাত চিন্তিত সচেতন মহল। মূল অভিযুক্তক মুকলি আকাশৰ তলত ঘূৰি ফুৰিবলৈ সুযোগ দিয়াৰ অভিযোগ ৰঙিয়া আৰক্ষীৰ বিৰুদ্ধে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।