তিনিদিন ধৰি নিৰুদ্দেশ নিখিল গগৈ

 08/05/2019 - 18:50

যোৰহাটঃ যোৰহাটৰ চিনামৰা বাঘধৰা খৰীয়া চুক গাঁৱৰ এজন স্নাতক মহলাৰ ছাত্ৰৰ নিৰুদ্দেশৰ খবৰে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গাঁওখনৰ মণ্টু গগৈ আৰু মণিকা গগৈৰ পুত্ৰ চিনামৰা মহাবিদ্যালয়ত অধ্যয়নৰত নিখিল গগৈ ৩ দিনে সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোকৰ মাজত এক অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰিছে।

উল্লেখ্য যে শনিবাৰে নিশা নিজ গৃহৰ পৰাই নিৰুদ্দেশ হৈছিল নিখিল। ৩ দিন ধৰি বহু বিচৰাৰ পিছতো ছাত্ৰজনক বিচাৰি নাপায় পৰিয়ালৰ লোকে দেওবাৰে স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ছাত্ৰজনক বিচাৰি অভিযান চলাইছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই নিখিলৰ। যদি কোনো সদাশয় ব্যক্তিয়ে নিখিল গগৈৰ সন্ধান পাই তেন্তে 9101473264 আৰু 9470933704 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে বিনয়েৰে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।