বানবিধ্বস্ত এলেকাত আলোকসন্ধানীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

 08/05/2019 - 18:57

ৰহাঃ ৰহা বিধান সভা সমষ্টিৰ অন্তৰ্গত জৰাবাৰী মৌজাৰ নিজ নাৰিকলিৰ বানাক্ৰান্ত লোকক আজি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰে আলোক সন্ধানী" নামৰ এনজিঅ’টোৱে। গুৱাহাটীৰ "সতীৰ্থ ফাউনণ্ডেচন"ৰ সহযোগত আৰু আলোক সন্ধানীৰ উদ্যোগত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি বিভিন্ন ৰোগৰ ঔষধ বিতৰণ কৰা হয়। গুৱাহাটীৰ পৰা অহা চিকিৎসা দলৰ লগত স্থানীয় স্বাস্থ্যকৰ্মীসকলে শিবিৰত সেৱা আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।