"এবিটা"ৰ উদ্যোগত গহপুৰৰ বান বিধ্বস্ত অঞ্চলত স্বাস্থ্য পৰীক্ষা শিৱিৰ সম্পন্ন

 08/05/2019 - 19:06

গহপুৰঃ অসম ব্ৰাঞ্চ ইণ্ডিয়ান টি এচোচিয়েচন (এবিটা)ৰ উদ্যোগত আজি নলিনিবাৰী গাঁও পঞ্চায়তৰ বান বিধ্বস্ত অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰে। বৰগাং, বুৰৈ, ব্ৰহ্মাজান, নয়া ঘগৰা, হেলেম আৰু ডফলাগড় চাহ বাগিচাৰ পৰা অহা ৬ গৰাকী চিকিৎসকে উক্ত চিকিৎসা শিৱিৰটোত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে। নয়া ঘগৰা চাহ বাগিছাৰ হেড ক্লাৰ্ক পবিত্ৰ হাজৰিকাৰ তত্বাৱধানত তথা পূৱ বুৰৈ আৰু বিশ্বনাথ চাৰ্কোলৰ এবিটা ৩নং জ'নৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া তথা হেলেম চাহ বাগিছাৰ চিকিৎসক ডাঃ খংচা ফাংচুৰ নেতৃত্বত বৰগাং বাগানৰ চিকিৎসক ডাঃ চন্দ্ৰকান্ত বৰা, ডফলাগড় বাগানৰ চিকিৎসক ডাঃ আনন্দ দাস, ব্ৰহ্মাজান বাগানৰ চিকিৎসক ডাঃ ৰঞ্জিত পাঠক, মহিলা চিকিৎসক নয়া ঘগৰাৰ ডাঃ তমসা বৰুৱা আৰু বৰগাং বাগানৰ চিকিৎসক ডাঃ চিন্ময়ী বৰাই বানবিধ্বস্ত অঞ্চলৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰে।

উল্লেখ্য যে পাহাৰীয়া নৈ ব্ৰহ্মাজানৰ বানত ককবকাই থকা হাতীমৰা, চেঙেলীজান, মৰাচেঙেলী, নলিনিবাৰী অঞ্চলৰ প্ৰায় পাঁচ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে। চিকিৎসক কেইগৰাকীক সহযোগিতা আগবঢ়াই জিএনম নাৰ্চ ক্ৰমে বুৰৈ চাহ বাগিচাৰ উৰ্ৱশী ভৰদ্বাজ, হেলেম চাহ বাগিচাৰ ৰূপাঞ্জলী মালি সিং, ব্ৰহ্মাজান চাহ বাগিচাৰ আশা লগুন, এএনএম নয়া ঘগৰা চাহ বাগিচাৰ চুমী বাঘ, বিহালী চাহ বাগিচাৰ ৰুনু বাঢ়ৈ আৰু বৰগাং চাহ বাগিচাৰ ৰ'জলিন দত্তই।

৬ গৰাকী ফাৰ্মাচিষ্ট আৰু দুগৰাকী স্বাস্থ্য সহায়ক উপস্থিত থকা চিকিৎসা শিৱিৰটোত ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে মেলেৰীয়া পৰীক্ষা কৰা, বিভিন্ন ৰোগৰ প্ৰতিষেধক চেলাইন আৰু বেজি দিয়াৰো ব্যৱস্থা কৰা হয়। উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ লগতে কেইবাখনো পাহাৰীয়া নৈৰ বানৰ কৱলত পৰা অধিকাংশ অঞ্চলত স্বাস্ব্য বিভাগৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থাই চিকিৎসা শিৱিৰৰ আয়োজন কৰি আহিছে যদিও ব্ৰহ্মাজান নৈৰ বানৰ কৱলত পৰা হাতীমৰা, চেঙেলীজান, মৰাচেঙেলী, নলিনিবাৰী অঞ্চলৰ বন্যাৰ্তসকলে কোনো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী স্বাস্থ্য পৰীক্ষা শিৱিৰৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। এবিটাৰ উদ্যোগত আজি অনুষ্ঠিত কৰা চিকিৎসা শিৱিৰৰ জৰিয়তে বান বিধ্বস্ত অঞ্চল কেইতাৰ বন্যাৰ্তসকল যথেষ্ট উপকৃত হৈছে বুলি অঞ্চলবাসীয়ে মন্তব্য প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।