জাইকাৰ প্ৰজেক্টৰ নিৰ্মাণ কাৰ্যই অশ্বক্লান্ত দেৱালয়ৰ প্ৰতি ভাবুকি আনিছেঃ দেৱালয়ৰ চুৰাত ফাট

 08/05/2019 - 19:21

উত্তৰ গুৱাহাটীঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিন্দু ধৰ্মৰ প্ৰাণকেন্দ্ৰ অশ্বক্ৰান্ত দেৱালয়। বৰ্তমান সুৰক্ষিত নহয় এই দেৱালয়খন। ই এক বিধ্বস্ত ৰূপ লৈছে। ভগবান শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা ভাগৰি ক্লান্ত হোৱা স্মৃতি বিজৰিত অশ্বক্লান্ত দেৱালয়ৰ চুৰাত মেলিছে ফাঁট। ভূমিকম্প নহয়, দেৱালয়ৰ নাতি দূৰৈত নিৰ্মিত জাইকাৰ পানী প্ৰকল্পইহে লগাইছে অথন্তৰ। জাইকাৰ পাইলিঙৰ বাবে ভূমিকম্পতকৈয়ো ভয়াবহ কম্পন অশ্বক্লান্ত পাহাৰত। যাৰ বাবে শিলেৰে নিৰ্মিত অশ্বক্লান্ত দেৱালয়ত মেলিছে ফাট। জাইকাৰ  উচ্চ  প্ৰাবল্যৰ  ভাইব্ৰেশ্বনৰ বাবেই ফাঁট মেলিছে অশ্বক্লান্ত দেৱালয়ত।

স্থানীয় লোকৰ বিৰোধিতাৰ পাছতো ধৰ্মীয় অনুভূতিত আঘাত হানি বিষ্ণু কুণ্ডৰ গাতে নিৰ্মাণ কৰা হৈছিল জাইকাৰ সাঁকো। যি সাঁকোত বিগত বৰ্ষৰ পাঁচ ছেপ্টেম্বৰত খুণ্ডা খাই সংঘটিত হৈছিল ভয়াবহ ভটভটী দুৰ্ঘটনা। প্ৰাণ কাঢ়িছিল কেইবাজনৰো। বৰ্তমান চলি থকা প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য্যৰ বাবে অশ্বক্লান্ত দেৱালয়ৰো আৰু অধিক ক্ষতিসাধন হ’ব বুলি ৰাইজে অভিযোগ কৰিছে। ভাষা সাহিত্য সংস্কৃতি সংৰক্ষণৰ শপত লোৱা সৰ্বানন্দ সোনোৱালৰ চৰকাৰ এতিয়া নিৰব কিয়? ক'ত গল সংসদীয় সচিব, পৰ্যটনৰ ত্ৰাণকৰ্তা জয়ন্ত মল্ল বৰুৱা। পুৰাণ প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী অশ্বক্লান্ত দেৱালয় ধ্বংসস্তুপ হোৱাৰ পূৰ্বেই কিবা পদক্ষেপ চৰকাৰে ল’বনে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।