বৃহত্তৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চৰ প্ৰতিষ্ঠা দিৱস উদযাপন

 08/05/2019 - 19:26

নাজিৰাঃ শিৱসাগৰত জন্ম লাভ কৰা বৃহত্তৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সোমবাৰে ৰংপুৰজ্যোতি ক্লাৱত অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি মুকলি সভা অনুষ্ঠিত হয়। এই মুকলি সভাত সভাপতিত্ব কৰে ৰজাবাৰী কণিষ্ঠ মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক সীমান্ত  গগৈয়ে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক ক্ৰমে মনিৰুল ইছলাম বৰা, খলিলুৰ ৰহমান, মনোজ গগৈ, যদুমণি বৰা, আকবৰ আলি, দেৱজ্যোতি বৰুৱা উপস্থিত থাকে। লগতে বিশিষ্ট সমাজকৰ্মী নিবন্ধকাৰ, সমালোচক চামচুল বাৰিক, টাই আহোম ছাত্ৰ সন্থাৰ ছাত্ৰ নেতা বসন্ত গগৈৰ লগতে ভালে সংখ্যক বিশিষ্ট অতিথি এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ  শিৱসাগৰ জিলা সাংবাদিক মঞ্চৰ সহযোগত সম্পাদক পংকজ খাউণ্ড, মুখ্য সম্পাদক লুইচ হাজৰিকা আৰু সম্পাদনা উপদেষ্টা ইন্দ্ৰশেখৰ প্ৰচেষ্টাত "জনতাৰ সংবাদ" নামেৰে এখন পষেকীয়া বাতৰি কাকত উন্মোচন কৰে বিশিষ্ট সাংবাদিক মনিৰুল ইছলাম বৰাই। আনহাতে প্ৰাঞ্জল পূজাৰীৰ সম্পাদনাৰে "দ্ৰুতি" স্মৃতিগ্ৰন্থ উন্মোচন কৰে সাংবাদিক মুক্তাব হুছেইনে। বৃহত্তৰ শিৱসাগৰ জিলাৰ সাংবাদিক মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিসকলক একোখনকৈ হুইল চেয়াৰো প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।