যোগীঘোপাত শিশুৰ সলিল সমাধি

 08/05/2019 - 19:35

যোগীঘোপাঃ যোগীঘোপাৰ মহনপুৰত এক শোকাবহ ঘটনা সংঘটিত হয়। মহনপুৰ গো-চৰণীয়া পথাৰৰ সমীপত মানাহ নৈৰ সুঁতিত গা- ধুবলৈ গৈ এটি শিশুৰ সলিল সমাধি ঘটে। ছানিদুল আলী নামৰ শিশুটিৰ ঘৰ গোৱালপাৰা জিলাৰ বৰপাহাৰত। যোগীঘোপা আৰক্ষীয়ে আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে মৃতদেহটো। ছানিদুল আলী গ্ৰীষ্মবন্ধৰ সময়তে খুড়াকৰ ঘৰলৈ আলহী খাবলৈ আহিছিল। শিশুটিৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।