জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ উঠাই লোৱাত নলবাৰীত আনন্দ

 08/05/2019 - 21:20

নলবাৰীঃ জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ উঠাই লোৱা আৰু পুনৰ গঠন আইনৰ জৰিয়তে দুটা ভাগত বিভক্ত কৰি বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰত নলবাৰীত আনন্দৰ জোৱাৰ উঠে। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত উল্লসিত হৈ পৰা বিজেপিয়ে আজি সন্ধিয়া নলবাৰী চহৰত বিজয় সমদল উলিয়াই আৰু ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে।

নলবাৰীৰ বিধায়ক অশোক শৰ্মা আৰু জিলা বিজেপিৰ সভাপতি বনদীপ ডেকাৰ নেতৃত্বত বহুসংখ্যক বিজেপি কৰ্মীয়ে গেৰুৱা দলটোৰ বৰুৱা ৰোডত থকা জিলা কাৰ্যালয়ৰ পৰা সমদলটো উলিয়ায়। সমদলকাৰীসকলে নৰেন্দ্ৰ মোডী জিন্দাবাদ, ভাৰত মাতা কী জয়, এক ভাৰত মহান ভাৰত আদি শ্ল'গান দি পৰিবেশ উত্তাল কৰে। সমদলকাৰীসকলে নলবাৰী থানা চ'কত ফটকা ফুটায়ো আনন্দ প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।