গৰৈমাৰীত পথ দুৰ্ঘটনা

 08/06/2019 - 14:25

সোণতলীঃ পুনৰ আন এক পথ দুৰ্ঘটনা। দক্ষিণ কামৰূপৰ গৰৈমাৰীত বাগৰিল এনআৰচিৰ গাড়ী। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে এখন টাটা চুমু। পুৱতি নিশা হাতীপাৰাত সংঘটিত হয় এই ঘটনা। বোকাৰে লুটুৰী-পুতুৰী হয় ১২ জনকৈ যাত্ৰী। ইয়াৰে চালকসহ তিনিজনৰ অৱস্থা গুৰুতৰ। আহত আটাইকে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰায়। আহত আটাইকেইজন লোক ছয়গাঁৱৰ বাঘমাৰা গাঁৱৰ। উজনি অসমৰ এনআৰচি শুনানি কেন্দ্ৰৰ পৰা ঘৰলৈ উভতাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।