মানকাচৰত গড়কাপ্টানি পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

 08/06/2019 - 14:34

মানকাচৰঃ মানকাচৰৰ বৰ্ডাৰ লিংক ৰোডৰ পৰা মানকাচৰ কলেজ লৈকে ৪৪৪ মিটাৰ চিচি বক্লৰ পথ নিৰ্মাণৰ বাবদ গড়কাপ্টানি বিভাগে BADP আচঁনিৰ অধীনত ২০১৭/২০১৮ বিত্তীয় বৰ্ষত ২০ লাখ টকা আবণ্টন দিছিল। মানকাচৰ কলেজৰ পশ্চিম ফালে থকা বৰ্ডাৰ লিংক ৰোডৰ পৰা মানকাচৰ কলেজলৈ উক্ত চি চি বক্লৰ পথ নিৰ্মাণৰ বাবে গড়কাপ্টানি বিভাগে ঠিকাদাৰক দায়িত্ব দিছিল।

কিন্তু প্ৰাক্‌কলনত উল্লেখ থকা উক্ত পথ ছোৱা ঠিকাদাৰে নিৰ্মাণ নকৰি মানকাচৰ কলেজৰ পূব ফালে থকা গড়কাপ্টানি পথৰ পৰা মানকাচৰ কলেজৰ গেটলৈকে মাত্ৰ ১০০ মিটাৰ পথ নিৰ্মাণ কৰি সিংহভাগ ধন লুণ্ঠনৰ ফন্দি কৰিছে। গড়কাপ্টানি পথৰ পৰা মানকাচৰ কলেজলৈকে যোৱা পথছোৱাৰ দৈৰ্ঘ্য মাত্ৰ এশ মিটাৰ। কিন্তু প্ৰাক্‌কলনত থকা মানকাচৰৰ বৰ্ডাৰ লিংক ৰোডৰ পৰা মানকাচৰ কলেজলৈকে পথছোৱাৰ দৈৰ্ঘ্য ৪৪৪ মিটাৰ আৰু পথছোৱা নিৰ্মাণৰ বাবদ ২০ লাখ টকা আবণ্টন দিছে।

কিন্ত ঠিকাদাৰে বিভাগীয় বিষয়াক মেনেজ কৰি মানকাচৰ কলেজত সোমোৱা কম দৈৰ্ঘ্যৰ (১০০মিটাৰ) পথ ছোৱাত নিৰ্মাণ কাৰ্য্য চলাই আছে। লক্ষনীয় যে গড়কাপ্টানি পথৰ দাঁতিত আঁৰি দিয়া নাম ফলকত মানকাচৰৰ বৰ্ডাৰ লিংক ৰোডৰ পৰা মানকাচৰ কলেজ বুলি উল্লেখ আছে। কিন্তু গড়কাপ্টানি পথৰ পৰা মানকাচৰ কলেজৰ গেটলৈকে যোৱা পথছোৱাৰ নিৰ্মাণ কাৰ্য্য চলাই আছে।

এই পথছোৱাতো অতি নিম্নমানৰ চিচি ব্লক ব্যৱহাৰ কৰাৰ লগতে জি এছ বি, মেটেল আদি প্ৰাক্‌কলন বৰ্হিভূতভাবে ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য্য চলাই আছে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। গড়কাপ্টানি বিভাগৰ আৰু ঠিকাদাৰৰ এনে মইমতালি আৰু হঠকাৰী সিদ্ধান্তত জাঙুৰ খাই উঠিছে অঞ্চলবাসী। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।