সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ অসহযোগ আন্দোলন

 08/06/2019 - 14:51

বৰপেটাঃ সমগ্ৰ ৰাজ্যতে আজি পুৱা ৯ বজাৰ পৰা সদৌ অসম বিলক্লাৰ্ক ৰিডাৰ কৰ্মী সন্থাৰ অসহযোগ আন্দোলন আৰম্ভ হৈছে। আন্দোলনকাৰীয়ে জানিবলৈ দিয়া মতে অসমৰ শক্তিখণ্ডৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰি চাকৰিসমূহ নিয়মীয়াকৰণ নকৰাৰ প্ৰতিবাদত সদৌ অসম বিলক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ কৰ্মচাৰীসকলে পালন কৰে অসহযোগ আন্দোলন।

আবেলি ৫ বজালৈকে চলিবলগীয়া এই আন্দোলন ৰাজ্যৰ ১৫৮ টা বিদ্যুৎ উপ সংমণ্ডলৰ লগতে বৰপেটা আৰু সৰভোগ বিদ্যুৎ উপ সংমণ্ডলতো অনুষ্ঠিত হয়। সন্থাৰ কৰ্মচাৰীসকলে সংবাদ মাধ্যমৰ যোগেদি জানিব দিয়ে যে অহা ৯ আগষ্টত গুৱাহাটীৰ বিজুলী ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব সন্থাৰ কৰ্মচাৰীসকলে। ইয়াৰ পিছতো যদি বিদ্যুৎ বিভাগ অথবা শক্তি মন্ত্ৰীয়ে কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।