বৰপেটাত ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

 08/06/2019 - 14:58

বৰপেটাঃ নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত বৰপেটা৷ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহৎ সফলতা৷ বৰপেটা আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এটা ব্যৱসায়ী৷ সোমবাৰে চেঙা সমষ্টিৰ বৰ আগদিয়া নামৰ গাঁওখনত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলায় বৃহৎ অভিযান৷ ডিএচপি সমীৰন বৈশ্যৰ নেতৃত্বত অভিযান চলাই ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ ব্যৱসায়ী৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰআগদিয়া গাঁৱৰ আমিনুল মিঞা৷

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা জব্দ কৰে প্ৰায় ১৫ লাখ টকা মূল্যৰ ব্ৰাউন চুগাৰ৷ ব্যৱসায়ীটোৰ পৰা ৭ টা ব্ৰাউন চুগাৰৰ পেকেটত জব্দ কৰা হৈছে ২৭৫ গ্ৰাম ব্ৰাউন চুগাৰ৷ অৱশ্যে নিষিদ্ধ এই ব্ৰাউন চুগাৰ ক'ৰ পৰা সৰবৰাহ হয় সেই বিষয়ে আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে৷ উল্লেখ্য যে অলপতে বৰপেটাৰোড আৰক্ষীয়েও ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰিছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।