গৌৰীপুৰত পিতৃ-কন্যাক আক্ৰমন দুৰ্বৃত্তৰ

 08/06/2019 - 15:06

গৌৰীপুৰঃ গৌৰীপুৰত নিশা দুৰ্বৃত্তৰ আক্ৰমন৷ দিলীপ আগৰৱাল আৰু তেওঁৰ কন্যা সূতী আগৰৱালক ঘৰৰ চোতালত আহি আক্ৰমন কৰে দুৰ্বৃত্তই৷ প্ৰথমে ঘৰৰ চালত শিলগুটি নিক্ষেপ কৰে৷ প্ৰচণ্ড শব্দ শুনি পিতৃ-কন্যাই ঘৰৰ পৰা ওলাই অহাৰ লগে লগে চোকা অস্ত্ৰৰে দুয়োকে আক্ৰমন কৰি পলাই পত্ৰং দিয়ে দুৰ্বৃত্ত। ঘটনাটো সংঘটিত হয় নিশা ৯-১৫ বজাত। অভিযোগ অনুসৰি কেইবাদিন ধৰি উক্ত দুৰ্বৃত্তজনে সূতী আগৰৱাল নামৰ যুৱতীগৰাকীক বাটে পথে আগচি ধৰি বিভিন্ন অশ্লীল ইংগিত দিছিল।

এই কথা যুৱতীগৰাকীয়ে পিতৃ দিলীপ আগৰৱালক অৱগত কৰাত গধূলি দিলীপ আগৰৱালে তেওঁৰ কন্যাক আগচি ধৰাৰ অভিযোগত সকীয়াই দিয়ে যুৱকজনক৷ পিছে নিশা এনেদৰে পিতৃ কন্যাক আক্ৰমন কৰে যুৱকজনে৷ ইতিমধ্যে দুৰ্বৃত্তটোক আৰক্ষীয়ে গৌৰীপুৰ বেগুনতলীৰ কাজিবৰ ৰহমান বুলি চিনাক্ত কৰা বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি আহত দিলীপ আগৰৱালক ইতিমধ্যে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷ আৰক্ষীয়ে কাজিবৰক যোৱা নিশা আটক কৰি জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।