ৰহাত ৰহস্যজনকভাৱে যুৱতী উদ্ধাৰ

 08/06/2019 - 15:44

ৰহাঃ ৰহাৰ আমচৈৰ পূববোলাত ৰহস্যজনকভাবে উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতী। কপিলী নদীৰ মথাউৰিৰ দাঁতিৰ খাৱৈত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীক। যুৱতীগৰাকীক যোৰহাটৰ বিনীতা গড় বুলি চিনাক্ত কৰা হৈছে। বিনীতাৰ পিতৃৰ নাম মাধৱ গড়। জানিব পৰা মতে মঙলবাৰে পুৱা পূৱবোলাৰ স্থানীয় লোকে যুৱতীগৰাকীক কপিলী পাৰৰ মথাউৰিৰ দাঁতিৰ খাৱৈত অচেতন অৱস্থাত পৰি থকা দেখি আমচৈ আৰক্ষীক খবৰ দিয়ে।

লগে লগে আমচৈ আৰক্ষীয়ে সংকটজনক অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰি ১০৮ সেৱাৰে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও দুৰ্ভাগ্যজনকভাৱে যুৱতীগৰাকী চিকিৎসালয়ত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। যোৰহাটৰ যুৱতীগৰাকী কি পৰিস্থিতিত কেনেকৈ ৰহাৰ এই অতি ভিতৰুৱা অঞ্চললৈ আহিল সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে। কোনো দুষ্ট চক্ৰই যুৱতীগৰাকীক আনি ধৰ্ষণ কৰি পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।