মঙলদৈত বিজেপিৰ কাৰ্যালয়ত আনন্দ উল্লাস

 08/06/2019 - 15:59

মঙলদৈঃ কেন্দ্ৰৰ বিজেপি চৰকাৰে জম্মুকাশ্মীৰৰ পৰা 370 আৰু 35A ধাৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তত মঙ্গলদৈত দৰং বিজেপি কাৰ্যালয়ত আনন্দ উল্লাস। কাৰ্যালয়ৰ চৌহদত বিজেপি নেতা কৰ্মীসকলে নৰেন্দ্ৰ মোদী জিন্দাবাদ, অমিত শ্বাহ জিন্দাবাদ, শ্যামা প্ৰসাদ মুখাৰ্জী জিন্দাবাদ ধ্বনি দি ইজনে সিজনক মিঠাই খুৱাই আনন্দ কৰে।

দৰং জিলা বিজেপিৰ সভানেত্রী নীলিমা দেৱীয়ে কেন্দ্ৰীয় চৰকাৰখনে লোৱা এই সিদ্ধান্তক উচিত সিদ্ধান্ত বুলি কৈ আজি শ্যামা প্ৰসাদ মুখাৰ্জীৰ আত্ম বলিদান, অটল বিহাৰী বাজপেইৰ সপোন সফল হ’ল বুলিও কয় লগতে দেশৰ জনগণে কাশ্মীৰৰ পৰা 370 আৰু 35A প্ৰত্যাহাৰ কৰি এক দেশৰ এক আইন বিচাৰি আছিল আৰু আজি এই কাম মোদী চৰকাৰে এই বাস্তৱ কৰি তুলিলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।