ঢকুৱাখনাৰ সোৱণশিৰিত বৰগীত আৰু দিহানাম প্ৰতিযোগিতা আয়োজন

 08/06/2019 - 16:05

ঢকুৱাখনাঃ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সোৱণশিৰি অঞ্চলৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান 'আলোক সন্ধানী' নাট্যগোষ্ঠীৰ সৌজন্যত ১ দিনীয়া কার্যসূচীৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ গুৰুজনাৰ মহান সৃষ্টি "বৰগীত" আৰু “দিহানাম" প্রতিযোগিতা অনুষ্ঠিত হ’ব। সেয়েহে এসপ্তাহ ধৰি কণ কণ শিশুৰ লগতে বোৱাৰী, মহিলা সকলোৱে এতিয়া দিহানাম আৰু বৰগীত আখৰা কৰাত ব্যস্ত হৈ পৰিছে। নাগাৰা, তাল আৰু হাত চাপৰি তালে তালে আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে কিশোৰীসকলৰ মাজত।

ভক্তি আৰু আধ্যাত্মিকভাবে সকলোৰে দেহত প্ৰবাহিত হৈ পৰিছে ভক্তি ৰসৰ প্ৰাণ চঞ্চল মন। হৃদয়ত ভগৱানক বিলিন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টি ৰাজী বৰগীত আৰু দিহানাম ধৰি ৰখাৰ লগতে ভবিষ্যতে জীয়াই ৰখাৰ স্বাৰ্থত এইসকল শিশু ওলাই অহা কাৰণে ৰাইজে শলাগ লৈছে। উল্লেখযোগ্য যে ১ ছেপ্টেম্বৰত ভঁৰালৰ ভেটি প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া বৰগীত আৰু দিহানাম প্রতিযোগিতা সমূহত অংশগ্ৰহণ কৰিবলৈ হ’লে 'আলোক সন্ধানী' নাট্যগোষ্ঠীৰ সভাপতি সম্পাদক সৈতে যোগাযোগ কৰিব পাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।