'মিঞা নহয় অসমীয়া’ ভিডিঅ’ৰ শুভমুক্তি

 03/29/2019 - 18:25

গুৱাহাটীঃ আজি গুৱাহাটী প্ৰেছ ক্লাৱত নৱপ্ৰজন্মৰ গায়ক বাহাৰুল অৱনৰ 'মিঞা নহয় অসমীয়া’ নামৰ এলবামটিৰ ভিডিঅ' মুকলি কৰা হয়দ্য ছ'ল ক্ৰিয়েচনৰ নিবেদন  এই ভিডিঅ'টোৰ পৰিচালনা কূলেন্দ্ৰ ৰায়চৌধুৰী৷ 

লগতে গীতটোৰ পৰিচালনাৰ দ্বায়িত্বত আছে উৎপল দাস আৰু শব্দ সংমিশ্ৰ উৎপল বৰাৰ৷ এই ভিডিঅ’টোৰ জৰিয়তে সকলো সম্প্ৰদায়ৰ লোকক মিলাপ্ৰীতিৰে ্থাকিবলৈ আৰু  অসমত বাস কৰা সকলো ধৰ্মৰ লোকক ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাবলৈ আহ্বান জনোৱা হৈছে।

অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে সংগীত শিল্পী বাহাৰুল অৱনৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে আৰু  এলবামটি সমূহ অসমীয়াই আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।