বঙাইগাঁৱত ভয়ানক অগ্নিকাণ্ড

 08/06/2019 - 16:25

মাণিকপুৰঃ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা মৌলভীপাৰা গাঁৱৰ আব্দুল মালেকৰ ঘৰত আজি পুৱা বিদ্যুৎ শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত প্ৰায় এশমোনৰো অধিক মৰাপাট, ১৫০ মোন ধান, নগদ টকা, দুটা টিনপাতৰ গৃহ তথা আন আন সামগ্ৰীসহ প্ৰায় ২৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয়।

পুৱা বিদ্যুতৰ শ্বটচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজে জুই নুমাবলৈ চেষ্টা কৰাৰ ভয়ঙ্কৰ বিপদৰ পৰা ৰক্ষা পৰে আৰু অৱশেষত তিনিটা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমুৱাবলৈ সক্ষম হয়। কলগাছিয়া, বিজনী আৰু বঙাইগাঁৱৰ পৰা তিনিটা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু কোকিলাৰ আৰক্ষীয়ে উপস্থিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।