দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ডঃ অভিযুক্তক গণ প্ৰহাৰ

 08/06/2019 - 16:38

দুলীয়াজানঃ দুলীয়াজানত সংঘটিত এক লোকহৰ্ষক হত্যাকাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি কৰিছে। দুলীয়াজাৰ নানকী বস্তিৰ সুৰেশ কয়া (৩৫)নামৰ লোকজনৰ বাসগৃহৰ বাৰাণ্ডাত কিষণ ওৰাং নামৰ যুৱকজনৰ মৃতদেহ দেওবাৰে নিশা উদ্ধাৰ হোৱাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সুৰেশ কয়াই কিষাণক চোকা অস্ত্ৰৰে ঘপিয়াই হত‍্যা কৰা অভিযোগ উত্থাপিত হৈছে। জানিব পৰা দেওবাৰে নিশা সুৰেশ কয়াৰ সৈতে ৮ নং মধুবন লাইনৰ কিষণ ওৰাঙে একেলগে মদ‍্যপান কৰি কোনো কথাত কাজিয়াৰ সুত্ৰপাত ঘটে।

এই ঘটনাৰ কিছু সময়ৰ পাছতে কিষণ ওৰাঙে পুনৰ নিজৰ ফোনটো বিচাৰি ওলাই অহাৰ পাছৰে পৰা নিশা ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ আৰম্ভ কৰে। কিষণ ওৰাঙৰ পৰিয়ালৰ লোকে সুৰেশ কয়াৰ ঘৰত কিষণ ওৰাঙৰ মৃতদেহ উদ্ধাৰ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। এই লোমহৰ্ষক হত্যাকাণ্ডৰ পাছতে স্থানীয় ৰাইজে এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত সুৰেশ কয়াক গণ প্ৰহাৰ দিয়ে। পুৱাভাগত ঘটনাস্থলীত আৰক্ষী বাহিনী উপস্থিত হৈ কিষাণ ওৰাঙৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত সুৰেশ কয়াক আৰক্ষীয়ে অইল চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰে অভিযুক্ত সুৰেশক।

এই ঘটনাৰ লগত জড়িত অভিযুক্ত দেবাৰী কয়া (২৫), মনোজ কয়া (২৪), ফুলমণি কয়া (৬০), জুলিতা কয়া ( ১৮) আৰু মধুবন চাহ বাগিচাৰ ৮ নং লাইনৰ বিৰেন কয়া (২৪ )ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও পলাতক অৱস্থাত আছে মধুবন চাহ বাগিচাৰ ৮ নং লাইনৰ ৰোহিত কয়া (২২ )। ইতিমধ্যে আৰক্ষীয়ে ৩৫৮/১৯ নম্বৰত ৩০২/৩৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আটকাধীন লোকক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।