চীনৰ বৰফাবৃত অঞ্চলত চলাব বুলেট ৰে’ল

 08/06/2019 - 16:44

ডিজিটেল ডেস্কঃ চীনৰ চৰকাৰে প্ৰকাশ কৰা মতে শেহতীয়াকৈ দেশখনত দ্ৰুত বেগী ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে। বুলেট ৰে’ল চলোৱাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে চীন এখন অগ্ৰণী দেশ হিচাপে পৰিগণিত হৈছে। চীনৰ চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৩৪৩ কিলোমিটাৰ বেগত অতি দ্ৰুত বেগী ৰে’ল চলাবলৈ লৈছে।

চীন চৰকাৰৰ মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি বৰফেৰে আৱৰা অঞ্চলটোৰ মাজেৰে অতি দ্ৰুত বেগত ৰে’ল চলোৱা বিপদজনক যদিও সেই কামেই এতিয়া কৰিবলৈ ওলাইছে চীনৰ চৰকাৰে। চীনৰ চৰকাৰে কেৱল নিজৰ দেশতে নহয় বিদেশতো দ্ৰুতবেগী বুলেট ৰে’ল চলাবলৈ প্ৰযুক্তিগতভাৱে আগবাঢ়ি আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।