অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতিঃ প্ৰাণ গ’ল মহিলাৰ

 08/06/2019 - 17:05

যোৰহাটঃ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাক প্ৰত্যাহ্বান জনাই তন্ত্ৰ-মন্ত্ৰৰে ভূত খেদাত ব্যস্ত এজন বেজ। বিজ্ঞানৰ নতুন নতুন আবিষ্কাৰে বিশ্বত চমক সৃষ্টি কৰিছে যদিও আজিও মানুহ অন্ধবিশ্বাসৰ পৰা মুক্ত হ'ব পৰা নাই। যোৰহাট জিলাৰ ৰজাখাটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। অন্ধবিশ্বাসৰ ফলত প্ৰাণ গ’ল এগৰাকী মহিলাৰ।

ঘটনাৰ বিৱৰণী অনুসৰি এই গৰাকী মহিলাক চিকিৎসাৰ নামত জৰা–ফুকা কৰিছিল ভণ্ড বেজ ৰঞ্জিত তামুলীয়ে। এসপ্তাহ ধৰি চলি আহিছিল এনেধৰণে। অৱশেষত মৃত্যুক আঁকোৱালি ল’লে মহিলাগৰাকীয়ে। ইয়াৰ পিছতেই এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ঘটনাত অভিযুক্ত ৰঞ্জিত তামুলী বৰ্তমান পলাতক অৱস্থাত আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।