ওদালগুৰিত এবিএমছুৰ প্ৰতিবাদঃ শুনানিৰ নামত ৰাইজক হাৰাশাস্তিৰ অভিযোগ

 08/06/2019 - 17:21

ওদালগুৰিঃ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ শেহতীয়া কিছুমান সিদ্ধান্তত বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি ওদালগুৰি জিলাৰ লালপুলতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে। এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰি শুনানিৰ জাননী প্ৰেৰণ কৰি সংখ্যালঘু ৰাইজক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন কৰে জিলা এবিএমছুৰ সভাপতি জিয়াৰুল হকে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ শেহতীয়া এক নিৰ্দেশনা যোগে পুনৰাই কোনো শুনানিৰ প্ৰয়োজন নাই বুলি কোৱাৰ লগতে ১৫ দিন আগত শুনানিৰ জাননী প্ৰেৰণ কৰাৰ স্পষ্ট নিৰ্দেশনা SOPত থকা স্বত্ত্বেও মাত্ৰ এদিন সময় দি ৫০০ কিলোমিটাৰ দূৰৈত শুনানিৰ জাননী প্ৰেৰণ কৰাত ৰাইজ সমস্যাত পৰে। এক হুলস্থূলীয়া পৰিস্থিতিত যোৱা ৪ আগষ্টত কামৰূপ জিলাৰ সোণতুলীৰ পৰা যোৰহাটলৈ শুনানিত অংশগ্ৰহণ কৰিব লগা এটি বাছ গুৱাহাটী খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ তিনিজন লোক নিহত হোৱাৰ উপৰি বহুকেইজন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

এই দুৰ্ঘটনাৰ পিছতে বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠি সংখ্যালঘু জনসাধাৰণক শুনানিৰ নামত নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ কৰে। আৰু এনে ষড়যন্ত্ৰ অতি শীঘ্ৰেই বন্ধ কৰাৰ দাবীত ওদালগুৰি জিলা এবিএমছুৰ প্ৰায় শতাধিক কৰ্মীয়ে পুৱা ১১ বজাত লালপুলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজমজিয়াত টায়াৰ জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে প্ৰতীক হাজেলাৰ মইমতালি বন্ধ কৰক, এন আৰ চিৰ নামত ভেঁকোভাওনা নচলিব, অসম চৰকাৰ মুৰ্দাবাদ, এন আৰচি বিৰোধী চক্ৰ হুঁচিয়াৰ আদি বিভিন্ন শ্ল’গানেৰে লালপুলৰ আকাশ বতাহ উত্তাল কৰি তোলে।

এন আৰ চিৰ বিৰোধী চক্ৰক সন্তুষ্ট কৰা তেনে ষড়যন্ত্ৰ শীঘ্ৰেই বন্ধ কৰিবলৈ প্ৰতীক হাজেলাক সকিয়নী প্ৰদান কৰে। অন্যথা সংগঠনটোৱে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে। আনহাতে উক্ত শুনানিত অংশগ্ৰহণ কৰিবলৈ যোৱা পথত দুৰ্ঘটনাত পতিত হৈ নিহত পৰিয়ালক ১০ লাখ আৰু আহত পৰিয়ালক ৫ লাখকৈ টকা দিবলৈ অসম চৰকাৰক দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।