বজালীত শিক্ষক তথা যুৱকৰ বিজেপিত যোগদান

 08/06/2019 - 17:28

বজালীঃ সোমবাৰে ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিয়ালমাৰীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বহুকেইজন লোকে বিজেপিত যোগদান কৰে। প্ৰাক্তন ছাত্ৰনেতা কিশোৰ কুমাৰ ডেকাৰ লগতে বহুকেইজন শিক্ষক তথা যুৱকে বিজেপিত যোগদান কৰে। উক্ত সভাত উপস্থিত থাকে অসম কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱা, বজালী বিজেপিৰ সভাপতি ফণী পাঠকৰ লগতে বিজেপিৰ বহুকেইজন জ্যেষ্ঠ নেতা উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।