পৃথক বড়োৰাজ্য গঠনৰ দাবী এবছু, এনডিএফবি(প্ৰ)ৰ

 08/06/2019 - 17:47

ৰঙিয়াঃ কাশ্মীৰৰ পাছত এইবাৰ পৃথক বড়োৰাজ্য গঠনৰ দাবী এবছু, এনডিএফবি(প্ৰ) ৰ। ৰঙিয়া প্ৰেছ ক্লাৱত এবছু, এনডিএফবি(প্ৰ) আৰু জইণ্ট একচন কমিটী ফৰ বডোলেন্ড মুভমেণ্টে সংবাদমেল অনুষ্ঠিত কৰি এই দাবী জনায়। কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰ কৰা আৰু কাশ্মীৰক দুভাগ কৰা বিষয়টোক আদৰণি জনায় তিনিওটা সংগঠনৰ নেতৃবৃন্দই। কাশ্মীৰৰ দৰে অসমতো পুনৰ বাৰ পৃথক বড়োলেণ্ডৰ দাবী জনালে তিনিওটা সংগঠনে।

চৰকাৰক এই ক্ষেত্ৰত শীঘ্ৰেই পদক্ষেপ লোৱাৰ বাবে আহ্বান জনায়। দাবী কাৰ্যকৰী নহ’লে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। লগতে নিজৰ দাবী পূৰাবলৈ বদ্ধপৰিকৰ বুলি জনায় গোবিন্দ বসুমতাৰীয়ে। বিটিএডিয়ে সুকীয়া ৰাজ্যৰ মৰ্যাদা পালেহে ৰাইজৰ মাজত সুখ-শান্তি ঘূৰি আহিব বুলি ব্যক্ত কৰে প্ৰমোদ বড়োৱে। সংবাদমেলত নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি প্ৰমোদ বডো, এনডিএফবি (প্ৰ) ৰ সভাপতি গোবিন্দ বসুমতাৰী আৰু PJACBM সভাপতি ৰাকেশ বড়োৱে এই দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।