অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ অসহযোগ আন্দোলন

 08/06/2019 - 17:51

আমগুৰিঃ আমগুৰিত সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাই আজি অসহযোগ আন্দোলন কৰে। অসমৰ শক্তিখণ্ডৰ অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দাবীত আৰু চাকৰিসমূহ নিয়মীয়াকৰণ নকৰাৰ প্ৰতিবাদত অসহযোগ আন্দোলন ৰূপায়ণ কৰে। আমগুৰি বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ চৌহদত আমগুৰি বিলক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাই ৰূপায়ণ কৰিছে অসহযোগ আন্দোলন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।