চিনামৰা বাগানৰ একাংশ কৰ্মচাৰীৰ কৰ্মবিৰতি

 08/06/2019 - 18:13

যোৰহাটঃ চিনামৰা বাগানৰ একাংশ কৰ্মচাৰীয়ে মঙ্গলবাৰে কৰ্মবিৰতি ঘোষণা কৰে। বাগানৰ কৰ্মচাৰীসকলে বিভিন্ন সময়ত তেওঁলোকক অৱহেলা কৰাৰ অভিযোগ তুলি এনেদৰে কৰ্মবিৰতি ঘোষণা কৰি আহিছে। তেওঁলোকে উল্লেখ কৰে যে সোমবাৰে বাগানত কৰ্মৰত ৮০% কৰ্মচাৰীক এবেলা কাম কৰাৰ পাছত কামৰ পৰা উভতাই পঠাই আৰু এই বিষয়ে চিনামৰা বাগানৰ পৰিচালকক অৱগত কৰাত পৰিচালকজনে একাংশ মহিলা কৰ্মচাৰীক দুব্যৱহাৰ কৰাৰ অভিযোগ তুলি ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ দাবী বাগানৰ পৰিচালকৰ মইমতালি নচলিব আৰু সকলো কৰ্মচাৰীক সমান চকুৰে চাব লাগিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।